পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/২২৬

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১০৪৫
হিতোপদেশ।

নৃপতিৰ যত  অনুক্ষণ নাহি,
  মন্ত্ৰণা কি কৰে তাত।
শাস্ত্ৰত আছয়  লোকে নাচৰয়,
  কি কৰে শাস্ত্ৰে সাক্ষাত॥
ঔষধিক যদি  ৰোগীয়ে জানিলে,
  ৰোগ শান্ত তাত নাই।
মন্ত্ৰণাক যেন  পৰে নজানয়,
  কৰিতে তেন যুৱাই॥
আপুন দেশক  অতিক্ৰমিবাক,
  নৃপতিৰ যোগ্য নয়।
যথা যোগ্য মই  শুনিয়া আছোহো,
  কৰিবা কৰিতে নয়॥
নদী গিৰি বন  দুৰ্গ বিষয়ত,
  যৈতে যৈতে ভয় হয়।
লগে সেনা বল  লৈয়া কৌতুহল,
  সেনাপতি যাইব তয়॥
বলিষ্ঠ পুৰুষ  সঙ্গে লৈব বাচি,
  সেনাপতি যিবা জন।
সবাৰো আগত  সিতো চলিবেক,
  সংগ্ৰামক কৰি মন॥
ভাৰ্য্যা সমে ৰাজা  মধ্যত চলিব,
  ভণ্ডাৰৰ যত ধন।
অল্প বল লোক  মধ্যত চলিব,
  কৰিয়া ধন ৰক্ষণ॥
দুই পাশে অশ্ব  সব চলি যাইব,
  তাৰ কাছে ৰক্ষগণ।
ৰথৰ কাষতে  গজ গণ যাইব,
  পদাতি পদ ৰক্ষণ॥