পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/২২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৪১
হিতোপদেশ।

ৰাজ্য কাম যদি  তাহান আছয়,
  জীৱনত প্ৰয়োজন।
মোৰ আজ্ঞা ধৰি  আসি শীঘ্ৰ কৰি,
  নমোক মোৰ চৰণ॥
আজ্ঞাক নধৰে  প্ৰণাম নকৰে,
  চলি যাউক স্থানান্তৰ।
দূতৰ বচনে  কোপ জ্বলি গৈলা,
  নৃপতি ৰাজহংসৰ॥
জীৱনত আশ  আছে নাই আৰ,
  মোক বহু নিন্দাকৰে।
ইতো অল্প জন  মাতিবাক আক,
  নপাৱয় পুৰন্তৰে॥
মেঘবৰ্ণে বোলে  শুনিয়োক দেৱ,
  মাৰোহো দুষ্ট শুকক।
সৰ্ব্বজ্ঞ মন্ত্ৰীয়ে  সান্তনা কৰিলা,
  ৰাজাক বাক্যে কাকক॥
মন্ত্ৰী বোলে ৰাজা  সভা নোহে সিতো,
  যাত বৃদ্ধ নাহিকয়।
বৃদ্ধ নোহে সিতো  সভাত থাকিয়া,
  ধৰ্ম্ম বাক্য নোবোলয়॥
সিতো ধৰ্ম্ম নয়  যাত সত্য নাই,
  সত্য নোহে ছল যাত।
নোহে সত্য সিতো  যাত ছলে পাই,
  কৰে উপসত্য ঘাত॥
ম্লেচ্ছ জনো যদি  দূত হুয়া যাই,
  বধিবাক নুযুৱাই।
দূত সব জাত   নৃপতিৰ সুখ,
  যদি বঢা কথা পাই॥