পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/২১৯

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১০৩৮
অসমীয়া সাহিত্যৰ চানেকি।

মায়াক চৰাই  বৈকুণ্ঠক যাই,
  হৰি অংশ জীৱ চয়।
কেহো জনে টেৰ  কৰিয়ো নচাইলা,
  দেখি মায়া ভৈলা ভয়॥
বিবেকৰ লোক  যতেক আছয়,
  মায়াৰ হাত সাৰিল।
সাৰি যাই দেখি  মায়াৰ মনত,
  পৰম দুঃখ মিলিল॥
লাজে অধোমুখে  কৰি মহামায়া,
  সৎসঙ্গ পুৰ চড়াইল।
দুঃসঙ্গ নগৰে  প্ৰবেশিলা পাছে,
  মনে মহালাজ পাইল॥
পাছে মহামোহে  মায়াত পুছিলা,
  সাধিলা কাৰ্য্য আমাৰ।
বিবেকৰ মন  মুহিয়া জীৱক,
  কিমান দিলা সংসাৰ॥
তোমাৰ কটাক্ষ  দৃষ্টিক দেখিয়া,
  কোন জন হৈব থিৰ।
ই তিনি ভুবনে  তোমাক জিনন্তা,
  নাহি জানো একো বীৰ॥
মোহৰ এতেক  বচন শুনিয়া,
  লাজে ভৈলা অধোমুখ।
বিবেক পুৰৰ  মহিমা শুনিয়া,
  নিবেদিলা যত দুঃখ॥