পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/২১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৩৭
মহামোহ

কতো মানে মোহ  ধনতে কৰই,
  কতো কামিনীক দেই।
কতো ঐশ্বৰ্য্যত  মনক ৰাখয়,
  পাছে যাতনাক নেই॥
এহি মতে মায়া  পাতয় জঞ্জাল,
  বিবেক পুৰত যাই।
হাস লাস কৰি  ভঙ্গি ভাৱ ধৰি,
  কতো থাকে মুখ চাই॥
কাকো ধন জন  ঐশ্বৰ্য্য দিৱয়,
  কাৰো ক্ষণে কৰে নাশ।
বিয়োগৰ শোকে  পুৰি মৰে লোকে,
  দেখি মায়া কৰে হাস॥
আনো অসংখ্যাত  পাতিলন্ত মায়া,
  সৎসঙ্গ নগৰে যাই।
বিবেকৰ সৈন্য  নটলয় মন,
  কটাক্ষ কৰি নচাই॥
যম যাতনাক  নকৰন্ত ভয়,
  পুত্ৰ ভাৰ্য্যা শোক দূৰ।
শৰীৰ হৰাইলে  মনে দুঃখ নাই,
  আনন্দ সুখ প্ৰচুৰ॥
ভকতি খলিত  কৰিবাক লাগি,
  আসিলা মায়া কিটাই।
ভক্তি পূৰ্ণ যাৰ  তুচ্ছ মায়া তাৰ,
  জানা কিছু ভয় নাই॥
হৰি নাম ধৰ্ম্মে  যাৰ মন ৰৈলা,
  ভকতি কৰিবে প্ৰতি।
তাহাৰ মনক  টলাইবাক লাগি,
  আছয় কাৰ শকতি॥