পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/২১৭

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১০৩৬
অসমীয়া সাহিত্যৰ চানেকি।

দশে অঙ্গুলিত জাম্প  সোণাৰ আঙ্গুষ্ঠি চয়,
  তাৰা যেন গগণে প্ৰকাশ।
উচ্চ কুচ ভৰে যেন  হান্টিবাক নপিৰয়,
  কতো কতো দেখাই লয়লাস॥
কটিত কিঙ্কিণী পান্তি  ৰুণজুন কৰে আতি,
  ৰত্ন অলঙ্কাৰে জিকি পাৰে।
গাৱৰ সুৰভি ঘ্ৰাণে  ভ্ৰমৰে নছাড়ে লাগ,
  মধুলোভে পৰিয়া গুঞ্জৰে॥
ললিত বলিত ভৰি  কমল পঙ্কজ সৰি,
  ৰত্নময় নূপুৰে প্ৰকাশে।
যেন আতি কাচি পাৰি  দিব্য ৰূপে লক্ষ্মী মাৱ,
  স্বামী সেৱা কৰিবাক আশে॥
ত্ৰৈলোক্যত নাহি আৰ  ধৰি ৰূপ চমৎকাৰ,
  মহামায়া জগত মোহিণী।
জীৱক ৰাখয় ধৰি  সমস্তৰে মন হৰি,
  ভকতিত পাতয় বিঘিনি॥

অবিদ্যাৰ পঞ্চ  পৰ্ব্বা আসিলন্ত,
  চপৰা আন্ধাৰ মাজি।
সংসাৰ নিকাৰ  ভুঞ্জিবাক লাগি,
  জীৱ ৰৈলা তোৰে বাজি॥
মায়াৰ বচনা  ভাৰ্য্যা ধন দুই,
  স্নেহত আকুল মতি।
সংযোগ সুখক  বিয়োগে দুঃখক,
  মায়াৰ এহি শকতি॥
পাপ পুণ্য দুই  অধ উৰ্দ্ধ গতি,
  এহি জনে বন্দী কৈলা।
পুণ্য কৰি স্বৰ্গ  সুখক লভয়,
  পাপ কৰি নৰ্কে গৈলা॥