নমো নমো নিজ গুণ ৰূপী কৃষ্ণদেৱ।
তযু নামে ৰতি হৌক নবাঞ্ছোহো কেৱ॥
নিৰন্তৰে ইন্দ্ৰিগণে এৰি আন কাম।
জপোক সঘনে ডাকি বোলা ৰাম ৰাম॥
⸻
এহি মতে মহামোহে চৈধ্যয় ভুবন জিনি,
জগতকে বশ্য কৰিলন্ত।
হৃদয় পুৰত মহা সৎসঙ্গ নগৰ থান,
আছে হেন কথা শুনিলন্ত॥
বুলিলন্ত বীৰ গণ মোহোত নবৰি কোন,
আছে ৰাজা পৃথিবী মণ্ডলে।
তাৰ কিনো ভৈলা গহ ভাঙ্গিবো সকল মহ,
আমি সমে গৈলা সমদলে॥
হেন শুনি পাত্ৰ গণে পৃথিৱীত বিনাৱন্ত,
থাকা তুমি পৰম কল্যাণে।
চৈধ্যয় ভুবনে হেৰা তুমি কাক ডৰ কৰা,
আমি সব আছোঁ বিদ্যমানে॥
তোমাৰ বীৰত্ব চয় যিতো যিতো নজানয়,
তাকে ঝাল দিবাক লাগয়।
আচোক মনুষ্য দেৱ ইন্দ্ৰ চন্দ্ৰ আদি কৰি,
ব্ৰহ্মা ৰুদ্ৰে তোমাক ডৰাই॥
হেন শুনি মহামোহে মায়াক মাতিয়া পাছে,
বুলিলন্ত মধুৰ বচনে।
যদি পুৰ নগৰত মায়াৰ জঞ্জাল পাতি,
সৎসঙ্গ নগৰ কৰা ছন্ন॥
হেন শুনি মহামায়া ৰাজাক বোলন্ত চায়া,
মই মায়া ত্ৰৈলোক্যতে সাৰ।
ব্ৰহ্মা ৰুদ্ৰ ইন্দ্ৰ আদি সবাকো মুহিয়া আছোঁ,
মনুষ্য সকল কোন ছাৰ।