পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/২১৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৩৩
মহামোহ।

জিহবাত বৰুণ দেয়ে স্বাদক দিলেক।
বচনত বিষ বহ্নি বজাৱে অনেক॥
চৰ্ম্মে বায়ু দেৱে সি মাৰ্জ্জন কৰয়।
হস্তত থাকিয়া হলে কুকৰ্ম্ম কৰয়॥

গুহ্য স্থানে যম ৰাজা লিঙ্গে প্ৰজাপতি।
অহঙ্কাৰে আসি ৰুদ্ৰ দেৱে কৰে গতি॥
সমস্তে দেৱক আনিলেক বলে ধৰি।
তোমাতে ৰহিল চন্দ্ৰ জানা নিষ্ট কৰি॥

বৌদ্ধ ৰূপে চিত্তে বাসুদেৱ বিদ্যমানে।
মইয়ো সংসাৰত পৰো তোহোৰ নিদানে॥
আনিলেক দেৱতা গণক জিনি বলে।
জিনি লৈলা মহামোহ নৃপতি নিস্খলে॥

ৰাৱণে দিলেক যেন সমস্তকে পীড়া।
গন্ধৰ্ব্বৰ নাৰী আনি কৰিলেক ক্ৰীড়া॥
ত্ৰৈলোক্যৰ ভোগ্য ভূঞ্জে ৰাৱণ প্ৰমত্ত।
পাছে ৰামদেৱে তাক কৰিলেক হত॥

মহামোহ পাপ মতি পাপক আচৰি।
বিবেকৰ হাতত আপুনি যাইব মৰি॥
কৈত শুনি আছ অধৰ্ম্মত আছে জয়।
কালে কালে ভগৱন্ত বিনাশ কৰয়॥

ধৰ্ম্মৰ বিনাশ নাই সকলে কালত।
সমস্ত ধৰ্ম্মৰ বাসা হৰিৰ নামত॥
হেন হৰি নামত হোক মোৰ মতি।
এহি অনুগ্ৰহ কৰা বাপ যদুপতি॥

তোমাৰ দাসৰো দাস কৰি নিয়া মোক।
তেবেসে নিস্তৰোঁ ইতো ঘোৰ পৰলোক॥
তযু ভকতৰ পদ ৰেণু শিৰে ধৰি।
ৰৌক এহি মানে কৃপা কৰা দেৱহৰি॥