পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/২১৩

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১০৩২
অসমীয়া সাহিত্যৰ চানেকি।

এহি মতে চাৰি বীৰ চাৰি নগৰত।
পৰম আনন্দে থাকে দুঃসঙ্গ পুৰত॥
কিঞ্চিতেকো ধৈৰ্য্য ভাৱ নাহিকে মনৰ।
ব্ৰহ্মাণ্ডৰ দুঃখে লাগ লৱে নিৰন্তৰ॥

সত্ত্ব ৰজ তম তিনি গুণৰ ভিতৰ।
সদায়ে চঞ্চল ভাৱ নুগুচে চিত্তৰ॥
যতেক অনৰ্থ মানে সমস্তে কৰয়।
বিষয় বিষ্ঠাত যেন শূকৰে লুটয়॥

কামৰ বৃত্তিয়ে কতো কাম জুৰে ধৰে।
ক্ৰোধৰ বৃত্তিয়ে কতো কিলাকিলি কৰে॥
লোভৰ বৃত্তিয়ে কতো ভুঞ্জিবে খোজয়।
মোহৰ বৃত্তিয়ে পাই এৰিয়া নেদয়॥

হিংসাৰ বৃত্তিয়ে কতো প্ৰাণী হিংসা কৰে।
এহিমতে দুঃসঙ্গ কণ্টক নিৰন্তৰে॥
গাৱে গাৱে আপোন স্বভাৱে কৰে বল।
কোনে সীমা কৰি তাক কহিবে সকল॥

এহি মতে পাত্ৰ মন্ত্ৰী সমে নৃপবৰ।
আপোনাৰ বলে ৰাজ্য মাৰয় সকল॥
হয় হস্তী পদাতি সবাক পুড়ি আনি।
আপোনাৰ বশ্য কৰি লৈলা সবে প্ৰাণী॥

দশ দিশপালৰ বিভব যত আছে।
দেৱতা গণক বশ্য কৰিলন্ত পাছে॥
পূৰ্ব্বে যেন হিৰণ্যাক্ষ দৈত্য দুৰাশয়।
গাৱে গাৱে দেৱতাক কৃত্য কৰাৱয়॥

এহি মতে মহামোহ সূৰ্য্যক অনাই।
চক্ষুত দিলন্ত স্থান কামিনী দেখাই॥
কৰ্ণে দিশ দেৱে আসি কুকথা শুনয়।
নাসিকাত অশ্বিনী কুমাৰে ঘ্ৰাণ লয়॥