পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/২০৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০২৮
অসমীয়া সাহিত্যৰ চানেকি।

ভক্ত বৈষ্ণৱৰ  অনুমতি পাই,
  আপুনি গাইবাক চাওঁ।
এৰিয়োক দাই  ভকতে সদাই,
  সবাৰো পাৱে বিনাওঁ॥
ইতো তত্ব সাৰ  আত্মাৰ বিচাৰ,
  পুৰা অৰ্থ নুবুজিলোঁ।
কথাৰ আসয়  প্ৰস্তাব নজানি,
  আগ পাচ কৰি দিলোঁ॥
ইতো মোৰ মহা  বুদ্ধিৰ দোষক,
  ক্ষমি কৰা প্ৰৰিত্ৰাণ।
নকৰিয়ো নাশ  কৰি আছোঁ আশ,
  তুমি সব সৰ্ব্বজান॥
নমো নমো ৰাম  তুমি পূৰ্ণ কাম,
  পুৰিয়ো মন বাঞ্ছিত।
শুদ্ধ চিত্তে বাণী  বোলায়োঁ আপুনি,
  সদায়ে থাকি হৃদিত॥
মই বুদ্ধি ক্ষীণ  ভকতি বিহীন,
  তুমি কৃপাময় বন্ধু।
পাপ সাগৰত  পৰি তল যাওঁ,
  তাৰিয়োঁ কৰুণা সিন্ধু॥
তোমাৰ অৰুণ  চৰণ পদ্মত,
  নছাৰোক মোৰ কাম।
এহি সাৰ কৰি  বোলা হৰি হৰি,
  হুয়ো সবে আত্মাৰাম॥

মহামোহ।

শুদ্ধ নিগদতি শুনিয়োক আত পৰে।
যেন মতে মহামোহ নাম নৃপবৰে॥
বাৰাণসী ক্ষেত্ৰে ভৈলা নৃপতি প্ৰধান॥
সমৰে প্ৰচণ্ড কোটি মহেন্দ্ৰ সমান।