পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/২০৮

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১০২৭
আত্ম পৰিচয়।

পাছে অনুদিনে  গুৰু কৃপা গুণে,
  ভকত সকলে পাই।
ৰসত ৰসৰ  ভাৱনা কৰিবে,
  মন ভৈলা সমুদাই॥
যাৰা সবে আত  প্ৰবন্ধ কৰিলা,
  শুনা মুখ্য কিছু নাম।
ওজা নৰোত্তম  ৰাম নিৰঞ্জন,
  প্ৰহ্লাদক অনুপাম॥
কণ্ঠাভৰণক  লক্ষণ ভাৰতী,
  নিম্মল গতি গোকুল।
গায়নৰ ওজা  পম্মানন্দ আতা,
  কৃষ্ণানন্দ নাহি তুল॥
জয়দেৱ আদি  তিনি চাৰি মাসে,
  আৱৰ ভকত সঙ্গে।
কামৰূপে কাক—  তিৰ মন্দিৰত,
  ভাৱ কৰিলন্ত ৰঙ্গে॥
বহু বিধ লোকে  ৰঙ্গ চাহিবাক,
  আসিলন্ত নৰ নাৰী।
সভাৰ মহিমা  কি কহিবোঁ আৰ,
  ৰঙ্গ চাৱে শাৰী শাৰী॥
অমৃতৰ ভাণ্ড  মহামোহ নাট,
  ভকতে পান কৰয়।
আতি অদভুত  কথা গীত শুনি,
  বৃদ্ধ সবে প্ৰসংশয়॥
এহি প্ৰেম ভক্তি  ৰসৰ আস্পদে,
  জ্বলিল আমাৰ ৰতি।
দুগ্ধ সাগৰৰ  মাঝে কিছু মোৰ,
  নিমজি ৰহিল মতি॥