পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/২০৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰমানন্দ দ্বিজ।

আত্ম পৰিচয়।

শুনা বিদ্যমান  ইতো শাস্ত্ৰ খান,
  মহামোহ পৰি যাৰ।
নাহি সিঠা ছাল  আত্মাৰ বিচাৰ,
  কেৱল ভক্তিৰ সাৰ॥
বাৰাণসী হন্তে  আইল ইতো শাস্ত্ৰ,
  নপাইলন্ত একোজনে।
শ্ৰীৰমানন্দে  প্ৰকাশিলা আক,
  জগত উদ্ধাৰ মনে॥
ইহাৰ অৰ্থত  মহাজন সব,
  স্তম্ভি ৰহি থাকে চাই।
কথা গীত সূত্ৰ  ভটিমা পয়াৰ,
  গ্ৰন্থি দিলা ঠাই ঠাই॥
মহামোহ বুলি  আঙ্ক নাম দিলা,
  নাট কৰিবাক লাগি।
ভকত সকলে  বিচাৰি গাৱয়,
  যিতোজন ৰসভাগী॥
কতো দিনে পাছে  শুনিলো ভাৱনা
  সত্ৰে কৈলা একবাৰ।
তৈসানিৰে পৰা  কৰন্তা নভৈল,
  মহামোহ নাট সাৰ॥
পাছে নিৰঞ্জন  দেৱ আধিপত্য,
  ভৈলা সত্ৰ আউনী আটি।
মহাগুণৱন্ত  ধৰ্ম্মতো শ্ৰীমন্ত
  কবি গুণে পৰিপাটি॥