পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/২০৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০২৫
ব্ৰহ্মবৈৱৰ্ত্ত পুৰাণ।

বৃন্দাবন মাঝে আছে পৰম নিৰ্ম্মল।
কেৱলে নিৰ্জ্জল সিতো অধিকে উজ্জল॥
তাৰ মাঝে নিৰ্ম্মি আছে সুপক্ক মধুৰ।
ফলভৰে মনোহৰ বিটপী প্ৰচুৰ॥

গোষ্ঠ গণে আছে সেহি বৃন্দাবন মাঝে।
নানা বৰ্ণ মনোহৰ গোগণ বিৰাজে॥
কৃষ্ণৰ সমান ৰূপ গোপৰ বালক।
পঞ্চাশত কোটি মান কৃষ্ণৰ সেৱক॥

তাহাতে প্ৰকাশে তাসম্বাৰ গৃহগণে।
নিৰ্ম্মাণ কৰিছে যাক অমূল্য ৰতনে॥
হেনয় পৰম ৰম্য দেখি বৃন্দাবন।
গোলোকক চলিলন্ত ৰঙ্গে দেৱগণ॥

বৰ্ত্তুল আকাৰ কোটি যোজন বিস্তাৰ।
ৰত্ন গঢ়ে বেঢ়ি আছে তাত চাৰি দ্বাৰ॥
সুবৰ্ণে ৰঞ্জিত বেত্ৰ ধৰিয়া হস্তত।
দ্বাৰী হৈয়া গোপগণে আছে দুৱাৰত॥

যিতো আছে ভক্তগণ গোপ সমস্তৰ।
তাৰ পঞ্চাশত কোটি আশ্ৰম সুন্দৰ॥
বহুবিধ কান্তিমন্ত ৰতনে নিৰ্ম্মিত।
নানাবিধ ভোগ বস্তু সকলে সহিত॥

কৃষ্ণৰ পৰম ভক্ত গোপ সমস্তৰ।
শত কোটি আশ্ৰম প্ৰকাশে ৰুচিকৰ॥
ততোধিক সুন্দৰ কৰিয়া দিব্য ৰত্নে।
নিৰ্ম্মাণ কৰিছে গোলোকত যাক যত্নে॥