পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/২০৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০২৪
অসমীয়া সাহিত্যৰ চানেকি।

তাত প্ৰকাশিয়া আছে নবীন পল্লব।
থানে থানে শুনি কোকিলৰ মৃদু স্বৰ॥
কোনো থানে আছে কেলিকদম্ব বিস্তৰ।
পত্ৰৰ পুষ্পৰ ভৰে আতি মনোহৰ॥

মন্দাৰ চন্দন চম্পা গন্ধে আমোদিত।
সুগন্ধ পুষ্পৰ গন্ধে আতি সুগন্ধিত॥
তাহাতে প্ৰকাশে আম্ৰ তাল নাগৰঙ্গ।
নাৰীকল পলশ বদৰী মাতুলঙ্গ॥

খৰ্জ্জুৰ গুবাক জম্বু আমৰা জম্বীৰ।
ডাড়িম কদলী বেলগাছ তেন্তেলীৰ॥
সুপক্ক মধুৰ মনোহৰ ফল চয়।
ডালে ডালে সমস্ত বৃক্ষত বিৰাজয়॥

অশ্বত্থ শাল্মলি লিম্ব ডিমৰু পিয়াল।
বৃন্দাবন মধ্যে শোভা কৰে তৰু শাল॥
আৰু নানা তৰু ভেদ সকলে সহিত।
চৌপাশত কল্পতৰু বনে আবৰিত॥

মল্লিকা মাধৱী কুন্দ কেতেকী মালতী।
যূতি আদি প্ৰকাশিছে পুষ্পৰ সংহতি॥
আটে কুৰি কোটি মান কুন্দ কুসুমৰ।
মন্দিৰ সকলে শোভা কৰে মনোহৰ॥

সেহি বৃন্দাবন মাঝে মধুৰ লোভত।
ভ্ৰমৰে মধুৰ নাদ কৰিছে সতত॥
ৰত্নময় অলঙ্কাৰে শৰীৰ শোভিত।
হেনয় সুন্দৰী গোপ কন্যায়ে বেষ্টিত॥

পঞ্চাশত কোটি গোপ সুন্দৰী কন্যায়ে।
তাহাক ৰাখিয়া থাকে ৰাধাৰ আজ্ঞায়ে॥
দ্বাদশ অধিক কুৰি কানন তাহাত।
মনোহৰ ৰমণীয় প্ৰকাশে সাক্ষাত॥