পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/২০৪

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১০২৩
ব্ৰহ্মবৈৱৰ্ত্ত পুৰাণ।

তিনি লক্ষ পৰিমাণ দিব্য সৰোবৰে।
সেহি ৰাস মণ্ডলক বেঢ়ি শোভা কৰে॥
শ্বেত ৰক্ত নীলবৰ্ণ সৰোৰুহ চয়।
সৰোবৰ সকলক বেঢ়ি প্ৰকাশয়॥

গুঞ্জ গুঞ্জ শব্দ কৰি মধুকৰ গণে।
মধু লোভে পদ্মত পৰিছে ঘনে ঘনে॥
বিকশিত পুষ্পৰ বাটিকা সহস্ৰেক।
প্ৰকাশ কৰিয়া আছে যাত অতিৰেক॥

কোটি গৃহ আছে কুঞ্জ বনে বিৰচিত।
সুগন্ধ পুষ্পৰ শয্যাগণে সমন্বিত॥
তাত থাপি আছে উপভোগ বস্তুগণ।
কৰ্পূৰ তাম্বুল জল বসন ভূষণ॥

অভ্যন্তৰে প্ৰকাশে ৰত্নৰ দীপগণ।
ধৱল চামৰ চয় নিৰ্ম্মল দৰ্পণ॥
সেহি কুঞ্জ মণ্ডিৰত বিচিত্ৰ পুষ্পৰ।
মালাগণ প্ৰকাশয় আতি মনোহৰ॥

দেৱগণে দেখি সেহি ৰাস মণ্ডলক।
পৰ্ব্বতক ছাড়ি চলিলন্ত বাহিৰক॥
পাছে দেখিল তাতোধিক সুলক্ষণ।
পৰম সুন্দৰ যিতো নিত্য বৃন্দাবন॥

ৰাধা মাধৱৰ সিতো অতি প্ৰিয় বন।
ৰাধা কৃষ্ণেৰেসে সিতো ক্ৰীড়াৰ ভবন॥
তাত প্ৰকাশিয়া আছে কল্পতৰুগণ।
নাহিকে দুৰ্লভ তাত যাৰ যাত মন॥

বিৰজা নদীৰ তীৰ সলিলে মিশ্ৰিত।
কুসুমৰ কস্তূৰীৰ গন্ধে আমোদিত॥
হেন মন্দ মাৰুতে কম্পিত বৃন্দাবন।
সুগন্ধে সন্তোষি আছে সমস্তৰে মন॥

১২৯