পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/২০৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০২২
অসমীয়া সাহিত্যৰ চানেকি।

শৰত কালৰ পূৰ্ণ চন্দ্ৰ যেন মুখ।
কামুক জনৰো যাক দেখি মিলৈ সুখ॥
শৰত কালত যেন ফুলিছে কমল।
তাহাৰ সদৃশ দেখি নয়ন সকল॥

কস্তূৰী সহিতে কাজলৰ ৰেখা চয়।
নয়নৰ কাষৰত প্ৰকাশ কৰয়॥
শিৰত প্ৰকাশে সুললিত কেশ খোপা।
তাহাতে পিন্ধিয়া আছে মালতীৰ থোপা॥

সেহি পুষ্প মধু লোভে গুঞ্জ গুঞ্জ কৰি।
মধুকৰগণে আছে শিৰক আবৰি॥
লয়লাস ভাৱ ধৰি কৰয় গমন।
গজৰাজ খঞ্জনক কৰিছা গঞ্জন॥

মদনৰ ধনু যেন ধ্ৰুব বিৰাজয়।
মুখত মধুৰ মন্দ হাস্য প্ৰকাশয়॥
গৰুড়ৰ চঞ্চু যেন নাসিকা শোভন।
কাম বাণে জৰ্জ্জৰিত হেন লক্ষি মন॥

গজৰাজ গতিৰ সমান স্তন ভাৰে।
অতি শীঘ্ৰ বেগ ধৰি চলিতে নপাৰে॥
বহল নিতম্ব যুগ কঠিন শ্ৰোণিৰ।
গুৰু ভাৰে দেখি যেন আনম্ৰ শৰীৰ॥

নিৰ্ম্মল দৰ্পণ লৈয়া কৰ পঙ্কজত।
আপুনাৰ মুখক চাহিছা উৎসুকত॥
কৃষ্ণৰ ক্ৰীড়াক মনে সুমৰি সুমৰি।
আছন্ত সকলে সুৰতক মনে কৰি॥

ৰাধিকাৰ চৰণ পঙ্কজ সেৱনত।
মনক নিয়ম কৰি থাকন্ত সতত॥
হেনয় সুন্দৰীগণে ৰাধাৰ আজ্ঞায়ে।
যিতো ৰাস মণ্ডলক ৰাখন্ত সদায়ে॥