পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/২০২

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১০২১
ব্ৰহ্মবৈৱৰ্ত্ত পুৰাণ।

তাক বেঢ়ি ৰক্ত বৰ্ণ মণি প্ৰকাশয়।
স্তম্ভৰ মধ্যত ইন্দ্ৰ নীল বিজয়॥
মণ্ডলক বেঢ়ি ৰত্নগঢ় প্ৰকাশয়।
মণ্ডলৰ মাঝে জলে ৰত্ন মণি চয়॥

ৰত্নময় কপাটে সহিত দ্বাৰগণ।
ৰাস মণ্ডলত প্ৰকাশয় বিতোপন॥
গুপ্ত গ্ৰন্থি কৰি আছে সেহি দুৱাৰত।
আম্ৰৰ পল্লব প্ৰকাশয় উপৰত॥

কস্তূৰী কুঙ্কুম দ্ৰব অগৰু চন্দন।
সেহি দুৱাৰত কৰি আছে বিলেপন॥
নেহি ৰাস মণ্ডলত আনন্দিত মনে।
বেঢ়ি আছে কোটি কোটি গোপ কন্যাগণে॥

ৰত্নময় অলঙ্কাৰে মনোহৰ বেশে।
ৰত্নৰ মালায়ে বিৰাজিত কণ্ঠদেশে॥
কেয়ূৰ কঙ্কণ ৰত্নময় প্ৰকাশয়।
চৰণত ৰত্নময় নূপুৰ বাজয়॥

ৰত্নময় মনোহৰ কুণ্ডল যুগলে।
প্ৰকাশ কৰিয়া আছে চাৰু গণ্ডস্থলে॥
হস্তৰ আঙ্গুলি চয় ললিত বলিত।
ৰত্নৰ অঙ্গুৰিগণে তাতে বিৰাজিত॥

কপালত প্ৰকাশয় অলকাৰ পান্তি।
তাৰ তলে সিন্দুৰৰ বিন্দু কৰে কান্তি॥
চাৰু চম্পকৰ বৰ্ণ শৰীৰৰ কান্তি।
পক্ক ডাড়িমৰ বীজ দশনৰ পান্তি॥

লিপি আছে শৰীৰত চন্দনৰ জল।
চকিত হৰিণী সম নয়ন তৰল॥
পিন্ধি আছে পীত বস্ত্ৰ আতি মনোহৰ।
পক্ক বিম্বফল নিন্দি প্ৰকাশে অধৰ॥