পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/২০১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০২০
অসমীয়া সাহিত্যৰ চানেকি।

এহি মতে আশ্চৰ্য্য দেখিয়া দেৱগণে।
তাহাৰ পাৰ্শ্বক চলিলন্ত ৰঙ্গ মনে॥
দেখিলন্ত পাছে শত শৃঙ্গ গিৰিবৰ।
ক্ৰীড়াৰ পৰ্ব্বত সিতো ৰাধা মাধৱৰ॥

তথাত প্ৰকাশি আছে তৰু পাৰিজাত।
আনো বনগণ প্ৰকাশয় অসংখ্যাত॥
চৌপাশে আৱৰি আছে কল্পতৰু বনে।
বেঢ়িয়া চৰিছে ৰঙ্গে কামধেনু গণে॥

কৌটি এক যোজন উৰ্দ্ধৰ প্ৰমাণত।
দশ কৌটি যোজনৰ প্ৰমাণ দীৰ্ঘত॥
পথালি পঞ্চাশ কৌটি যোজন প্ৰমাণ।
তাহাৰ শিখৰে ৰাস মণ্ডল প্ৰধান॥

গঢ়ৰ আকাৰ দশ যোজন বিস্তৰ।
বৰ্ত্তুল আকাৰ আতি দেখিতে সুন্দৰ॥
কোনো থানে লিপি আছে অগৰু চন্দন।
কোনো থানে কস্তূৰী কুঙ্কুম বিলেপন॥

তাতে আছে পুষ্পৰ বাটিকা দশ শত।
ফুলি আছে সুগন্ধ কুসুম অবিৰত॥
মধু লোভে ভ্ৰমৰৰ শব্দ মনোহৰ।
কুহুঁ কুহুঁ নাদ তাতে শুনি কোকিলৰ॥

ক্ৰীড়াৰ বস্তুয়ে যুক্ত ৰতিৰ ভৱন।
তাৰ মাঝে মাঝে প্ৰকাশয় বিতোপন॥
ৰত্নৰ মণ্ডপ সেহি ৰাস মণ্ডলত।
থানে থানে প্ৰকাশয় দশ কোটি শত॥

ৰত্নৰ জখলা সেহি ৰত্ন মণ্ডপত।
উত্তম ৰত্নৰ কুম্ভ প্ৰকাশে উৰ্দ্ধত॥
হৰিত বৰণ মণিময় স্তম্ভচয়।
ৰাস মণ্ডৰ মাঝে প্ৰকাশি আছয়॥