পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/১৯৮

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১০১৭
আত্ম পৰিচয়।

হেন শিৱসিংহ ৰাজা প্ৰথম ঈশ্বৰী।
মনুষ্য লোকত যেন শিৱ মহেশ্বৰী॥
তাহান আদেশ মালা শিৰোগত কৰি।
কবিৰাজ চক্ৰবৰ্ত্তী মতি অনুসৰি॥

পুৰাণৰ শ্ৰেষ্ঠ ব্ৰহ্মবৈৱৰ্ত্ত পুৰাণ।
কৃষ্ণ জন্ম খণ্ড তাতে পৰম প্ৰধান॥
সাগৰ সংকাশ আৰ গূঢ় অভিপ্ৰায়।
সাবশেষে কোন নৰে আৰ অৰ্থ পাই॥

তথাপিতো পদবন্ধে দেশ ভাষা ধৰি।
মতি অনুসাৰে বিৰচিলোঁ যত্ন কৰি॥


ইন্দ্ৰবংশে উতপন  দশ দিকপাল অংশে,
  স্বৰ্গৰাজা ভৈলা সৌমাৰত।
দানী মানী কান্তিমন্ত  নৃপতিৰ গুণৱন্ত,
  ইষ্টদেৱ সেৱনত ৰত॥
অনন্তৰে তান বংশে  দশ দিকপাল অংশে,
  গদাধৰ সিংহ নৰপতি।
মথি অৰি সাগৰক  লৈয়া যশ অমৃতক,
  সদা প্ৰজা পালনত ৰতি॥
তাহান প্ৰথম সুত  ৰুদ্ৰসিংহ নামযুত,
  গুণৱন্ত ভৈলা নৰপতি।
যশৱন্ত ধৈৰ্য্যৱন্ত  অতি শুদ্ধ বুদ্ধিমত্ত,
  একো অঙ্গে যাৰ নাহি ক্ষতি॥
দেৱতাৰ মঠগণ  কৰি যিতো নিৰূপণ,
  দেৱ পদে কৰিলা ভকতি।
গুণৱন্ত জন জানি  বিদেশৰ হন্তে আনি,
  বহু ধন দিল মহামতি॥