পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/১৯৬

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১০১৫
শঙ্কৰ চৰিত।

সৎসঙ্গ লভিয়া  শ্ৰৱণ কীৰ্ত্তন,
  ভক্তি যিতো আচৰয়।
সেহি ভকতৰ  নিমিত্তে ঈশ্বৰে,
  থৈছন্ত কৈলো নিশ্চয়॥
শঙ্কৰ বদতি  শুনিলা নৃপতি,
  বৈকুণ্ঠৰ কথা যত।
শক্তি অনুৰূপে  যি কিছু জানিলো,
  কহিলোঁ তযু আগত॥
সমস্ত বৰ্ণনা  কৰিবাক লাগি,
  কাহাৰো নাহি শকতি।
শুনি শুক্লধ্বজ  সন্তোষ লভিয়া,
  আনন্দে দ্ৰৱিলা মতি॥
শঙ্কৰক চাই  বুলিলা বচন,
  কিছু ভাগ্য আমাসাৰ।
দেৱৰ দুৰ্লভ  বৈকুণ্ঠৰ কথা,
  শুনিলো মুখে তোমাৰ॥
সেহি বৈকুণ্ঠৰ  লোক তুমি আক,
  জানিলোহো সাৰে সাৰে,
নুহি অদৃশ্যক  বৰ্ণাইবাক লাগি,
  শকতি আছে কাহাৰ॥