পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/১৯৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০১৪
অসমীয়া সাহিত্যৰ চানেকি।

কাম ক্ৰোধ লোভ  মোহ হিংসা দ্বেষ,
  মদমত্ত অহঙ্কাৰ।
ঈৰিষা অসুয়া  মাৎসৰ পৈশূন্য,
  দম্ভ দৰ্প তিৰস্কাৰ॥
শোক মোহ জৰা  মৃত্যু ক্ষুধা তৃষা,
  আদি ব্যাধি নিৰন্তৰ।
উৎপত্তি প্ৰলয়  শীত উষ্ণ আদি,
  নাহিকে সিতো লোকৰ॥
মহা প্ৰলয়তো  বিনাশ নোহয়,
  নাহি মাৰি মৰকত।
নাহি প্ৰাণ ভয়  সন্তোষে বঞ্চয়,
  বিষ্ণুৰ সিতো থানত॥
তিনি ত্ৰৈলোক্যৰ  সেব্য মহাস্থান,
  হৰিৰ সিতো আলয়।
চৈধ্যয় ভুবন  উপমা দিবাৰ,
  যোগ্য আৰ নাহি কয়॥
কোটি কোটি ব্ৰহ্মা  ব্ৰহ্মাণ্ড সহিতে,
  আসিয়া যদি পৰয়।
বৈকুণ্ঠ বাসীৰ  লোমপৰ নয়,
  কহিলোঁ আক নিশ্চয়॥
ৰাজা হুই অশ্ব—  মেধ ৰাজা পায়,
  যজ্ঞ কৰে নিৰন্তৰে।
স্বধৰ্ম্ম সন্ন্যাস  ব্ৰতক আচৰে,
  তীৰ্থ ভ্ৰমে বহুতৰে॥
জ্ঞানক কৰ্ম্মক  কৰে আচৰণ,
  একান্তিক কৰি চিত্ত।
ইসব সাধনে  সিতো বৈকুণ্ঠক,
  নপাৱয় কদাচিত॥