পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/১৯৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০১৩
শঙ্কৰ চৰিত।

হৰিৰ গৃহত  চাৰিয়ো পাশত,
  চতুৰ্ভুজ প্ৰজা চয়।
ঈশ্বৰ আজ্ঞায়ে  যাৰ যৈত থান,
  নিয়মৰূপে আছয়॥
মূৰ্ত্তি ধৰি তৈতে  সিতে বৈকুণ্ঠত,
  হৰিৰ সবে বিলাস।
চৈধ্যয় ভুবন  সবে নষ্ট হয়,
  তথাপি নাহি বিনাশ॥
পঞ্চবিধ মুক্তি  যিমত প্ৰকাৰে,
  ভিন্নে ভিন্নে শুনিয়োক।
হৰি সমন্বিতে  একে লগে বঞ্চে,
  তাহাকে বুলি সালোক্য॥
শাশ্নিক মুক্তিৰ  হৰিৰ নিকটে,
  ঈশ্বৰৰ সমসৰ।
হৰিৰ নিকটে  জানিবাহা থান,
  সামীপ্য মুক্তি সবৰ॥
একত্ৰ মুকুতি  তাহাক বুলিয়া,
  ব্ৰহ্মত যি যাই লীন।
অৱতাৰ শক্তি  যাহাত বিজয়,
  সাঞ্জুজ্যৰ এহি চিন॥
কেৱল ভকতি  সবে থাকে তৈত,
  নামক কৰি কীৰ্ত্তন।
তাসম্বাক ৰিক্তে  সদায়ে নেৰন্ত,
  গুণগ্ৰাহী নাৰায়ণ॥
সদায় আনন্দ—  ময় বিষ্ণুলোকে,
  মায়াৰ নাহি সঞ্চাৰ।
যত নৰ নাৰী  আছে সি থানত,
  কাহাৰো নাহি বিকাৰ॥