পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/১৯৩

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১০১২
অসমীয়া সাহিত্যৰ চানেকি।

গলে বনমালা  আপাদ লম্বিত,
  মালা গন্ধ মুকুতাৰ।
উৰু স্থলে গ্ৰীবা  আতি সুশোভয়,
  মণিময় হেমহাৰ॥
ৰবি কৰ গৌৰ  সদ্যস শৰীৰ,
  প্ৰকাশয় পীতবাস।
বাহুত কেয়ূৰ  ৰত্নৰ কঙ্কন,
  কত কৰে প্ৰকাশ॥
দশো আঙ্গুলিত  অঙ্গুষ্ঠি সোণাৰ,
  নখমণি চন্দ্ৰ সম।
দুই কৰ তল  ৰক্ত সুনিৰ্ম্মল,
  দেখিবাক নিৰুপম॥
কটিত মেখলা  ৰত্নৰ কিঙ্কিণী,
  তাতে পাটভুনি পীত।
উৰুৰাম কল  চৰণে ৰত্নৰ,
  নূপুৰে কৰে ৰঞ্জিত॥
দশো আঙ্গুলিত  সুবৰ্ণ উজ্বলি,
  বৈদূৰ্য্য হিৰে ৰঞ্জিয়া।
নখমণি চয়  প্ৰকাশ কৰয়,
  চন্দ্ৰৰ ৰশ্মি জিনিয়া॥
ৰাজা পদতলে  অঙ্কুশ কমলে,
  তাতে ধ্বজ বক্ৰ যব।
সেহি চৰণক  ভকতে চিন্তয়,
  মনত কৰি উৎসব॥
সুক্ষ্ম সুক্ষ্ম পাৰি—  সদ উপাসয়,
  আনন্দ কৰি মনত।
অনিমাদি সিদ্ধি  মূৰ্ত্তি ধৰি তৈত,
  আছে হুয়া অৱনত॥