পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/১৯০

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১০০৯
শঙ্কৰ চৰিত।

সাতখান দ্বাৰ  পদ্ম ৰাগে দিল,
  মাণিকে কৰি ৰঞ্জিত।
দুই পাশ তাৰ  পৱালে নিৰ্ম্মিল,
  ৰত্নে কৰি বিৰচিত॥
মৰকত স্তম্ভ  গ্ৰন্থিত কৰিলা,
  শৃঙ্খল লগাই সোণাৰ।
দ্বাৰ ওপৰত  ফটিক বাৰত,
  জিঞ্জিৰি দিলে হীৰাৰ॥
প্ৰবাল বৈদূৰ্য্য  জৰিকৃত্য কৰি,
  বাট দিল সুবৰ্ণৰ।
কতো মৰকত  কতো ফটিকৰ,
  ফলি সম মনোহৰ॥
প্ৰত্যেকে দ্বাৰক  দুই জন কৰি,
  দ্বাৰী সবে ৰক্ষা কৰে।
তাসম্বাৰ আবে  ভিন্ন ভিন্ন কৰি,
  নাম শুনা নিৰন্তৰে॥
কুমুন্দ সুনন্দ  নন্দ পুষ্প দণ্ড,
  প্ৰবল জয় বিজয়।
কুমুদাক্ষ বিশ্ব—  সেন সুতদেৱ,
  দেখিতে আতি বিস্ময়॥
জয়ন্ত উজ্জ্বল  তাক্ষ চৈধ্য জন,
  সাত্যকক আদি কৰি।
দ্বাৰ দুই পাশে  বসিয়া থাকন্ত,
  মনোহৰ বেশ ধৰি॥
শঙ্খ চক্ৰ গদা  সাৰঙ্গক ধৰি,
  প্ৰকাশ আতি কৰয়।
সবাৰো শিৰত  ৰত্নৰ কিৰীটি,
  কুগুল কৰ্ণে জ্বলয়॥