পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/১৮৯

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১০০৮
অসমীয়া সাহিত্যৰ চানেকি।

মউপিয়া নাট  মহিধি খঞ্জন,
  আনো পক্ষী নিৰন্তৰ।
হীৰা মৰকত  কতোহো ৰজত,
  কতো স্বৰ্ণ বৈদূৰ্য্যৰ॥
ইন্দ্ৰ নীলময়  কতো পক্ষী চয়,
  আনন্দতে মগ্ন চিত্ত।
কতো নাম ডাকে  কতো শুনি থাকে,
  কতো গাৱে গুণ গীত॥
নানা ৰাগ ৰঙ্গ  স্বৰতো ভালয়,
  পথাত পুৰয় গান।
যত জীৱ জন্তু  আছে সি থানত,
  হৰি বিনে নাই আন॥
অসংখ্য সুন্দৰী  হাতে যন্ত্ৰ ধৰি,
  আনন্দে তৈতে ভ্ৰময়।
সুললীত গীত  দ্ৰবে যাত চিত্ত,
  শুনি ৰোম সিহৰয়॥
কোটি কোটি গৃহ  প্ৰকাশ কৰয়,
  শাৰী শাৰী ৰুচিকৰ।
ঈশ্বৰে নিৰ্ম্মিত  দেখিতে বিচিত্ৰ,
  কান্তি যেন আদিত্যৰ॥
লক্ষ্মী সমসৰ  ত্ৰিদশ ৰমণী,
  নাৰীগণ লৈয়া সঙ্গে।
বৈমানিকগণ  পৰম আনন্দে,
  গুণ গীত গাৱে ৰঙ্গে॥
হৰিৰ থানক  কৰে আয়াঘাত,
  চতুৰ্ভূজ প্ৰজাচয়।
ঈশ্বৰক দেখি  হুয়া মহা সুখী,
  আনন্দে চিত্ত দ্ৰৱয়॥