পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/১৮৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০০৭
শঙ্কৰ চৰিত।

পদ্ম উতপল  ৰঞ্জিয়া আছয়,
  অসংখ্যাত সৰোবৰ।
তাৰ মধুলোভে  গুঞ্জিয়া ফুৰয়,
  কোটি কোটি মধুকৰ॥
চাৰি গোটা পাৰ  পৱালে বান্ধিছে,
  খটখটি ফটিকৰ।
সুগন্ধ শীতল  সুনিৰ্ম্মল জল,
  ভৰি আছে নিৰন্তৰ॥
অত্যেষ সৰালি  কাৰণ্ড চকোৰ,
  কোটা ডাউক পক্ষী চয়।
সেহি সৰোবৰে  আনন্দে ভ্ৰময়,
  তনু নানা ৰত্ন ময়॥
উপৰে পাৰত  বৃক্ষ সব আছে,
  দেখিবাক সুশোভন।
দেবদাৰু পদ্ম  বচি পাৰিজাত,
  মন্দাৰ হৰি চন্দন॥
অশোক চম্পক  বকুল বন্দুলি,
  কদম্ব নাগকেশৰ।
সৰ্ব্ব কালে তাত  ফুলিয়া থাকয়,
  পুষ্পচয় মনোহৰ॥
মণ্ডল আকাৰে  গুণ্ডি বান্দি আছে,
  সুবৰ্ণে ৰত্নে ৰচিয়া।
যত বৃক্ষ আছে  কম্পতৰু সম,
  আনন্দ মিলে দেখিয়া॥
সেহি বৃক্ষে পৰি  নানা চিত্ৰ পক্ষী,
  মঞিনা শুক শালিক।
ময়ূৰ কোকিল  ফেঞ্চাক প্ৰৱতি,
  পাৰবত পুণ্ডৰীক॥

১২৭