পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/১৮৬

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


ৰামানন্দ।

শঙ্কৰ চৰিত।

ভুবন ঈশ্বৰী  নামে এক নাৰী
  দুহিতা ৰামৰায়ৰ।
পৰম সাদৰে  বিহাইলন্ত তাঙ্ক,
  শুক্লধ্বজ নৃপবৰ॥
তেন্তে এক দিনা  শঙ্কৰ দেৱৰ,
  গীতক ৰঙ্গে গাইলন্ত।
শুক্লধ্বজে শুনি  পৰম আনন্দে,
  পুছিবে তান্ত লৈলন্ত॥
হেন মত গীত  কৈঙ্গে নতু শুনো,
  যাত প্ৰাস মনোহৰ।
ভুবন ঈশ্বৰী  কহিবে লাগিলা,
  ই চৰিত্ৰ শঙ্কৰৰ॥
সৰ্ব্ব গুণাকৰ  শ্ৰীমন্ত শঙ্কৰ
  অংশ যেন ঈশ্বৰৰ॥
মহা ধৈৰ্য্যৱন্ত  পৰম মহন্ত,
  গম্ভীৰে যেন সাগৰ॥
আমাৰ পিতৃৰ  হন্ত শ্ৰেষ্ঠ ভাই,
  সকলে গুণে মণ্ডিত।
পৰম ধৰ্মিষ্ঠ  শিষ্ট সদাচাৰ,
  অত্যন্ত দিব্য পণ্ডিত॥
সাম্প্ৰতে আছন্ত  নাম উপদেশ,
  দেন্ত লোক সমস্তক।
শুনি ৰাজা পাছে  দূতক পাঞ্চিল,
  আনিবাক শঙ্কৰক॥