পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/১৮১

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১০০০
অসমীয়া সাহিত্যৰ চানেকি।

যাহাক লাগিয়া আৰ্য্য ভুঞ্জায়ে যেমন।
সেই জন সাক্ষী আসি দিলা জনে জন॥
পাপ পুণ্য দেখিতে আমাৰ অধিকাৰ।
ধৰ্ম্মশীল জনক আমাৰ নমস্কাৰ॥

কেনে কৰি আছা পৰ দ্ৰব্য চুৰি কৰি।
মিত্ৰ ভাঙ্গি কেনে হৰি আছা পৰ নাৰী॥
ক্ৰোধে আজ্ঞা দিয়া ৰাজা দূতে লৈয়া যাই।
যিমত কৰিছা পাপ সিমত মিলাই॥

ভাৰতত যত পাপ কৰা দুৰাচাৰ।
যমপুৰে আসি তুই হইবি ছাৰখাৰ॥
নানা দুঃখ ভুঞ্জৱাবে যমৰ আদেশে।
যেই পাপ সেই কুণ্ড কৰাহা প্ৰবেশ॥

মহাৰক্ত কুণ্ড এক দেখি ভয় ভীত।
সহস্ৰ যোজন কুণ্ড নৰকে শোভিত॥
সেহি কুণ্ডে পেলাই কণ্টকে বিন্ধে গাৱে।
যি জনে ব্ৰাহ্মণ হিংসা ভাৰতে কৰয়ে॥

ৰৌৰৱ নামেতে কুণ্ড দেখিতে গম্ভীৰ।
সহস্ৰ যোজন ইতো দেখি তাৰ নীৰ॥
কুম্ভীৰ সমান কীট দেখি অগ্নি জ্বলে।
দুঃখ পাৱে পাপী নিজ কৰ্ম্মৰ যে ফলে॥

ডকা চুৰি কৰি যিতো হৰে পৰ ধন।
ৰৌৰৱ যে কুণ্ডে হৈবে তাহাৰ গমন॥
পৰিত্ৰাণ নাহি পাপী কান্দে উচ্চৈস্বৰে।
লক্ষ ডাঙ্গ মাৰে যেবে পাপীৰ শৰীৰে॥

তপত তৈলত পাপী ধৰিয়া পেলাই।
ত্ৰাহি ত্ৰাহি বুলি পাপী গৰাগৰি যাই॥
তপ্ত পানী লাগি গাৱে পাপী পুৰি যাই।
পৰম দগধ পাপী যিতো দুঃখ পাই॥