পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৩৭
হয়গ্ৰীব মাধৱ।

ধাতৃ ফল পত্ৰ  কৰিয়া একত্ৰ,
  বৈশাখত পূজা কৰি।
দশ অশ্বমেধ  যজ্ঞৰ ফলক,
  পাৱয় সিটো সুন্দৰী॥
শ্বেত ৰক্ত কৰ—  বীৰ পুষ্প দিয়া,
  হৰিক অৰ্চ্চা কৰয়।
যতুৰ্যুগ মান  জানিবা পাৰ্ব্বতি,
  মাধৱ সন্তোষ হয়॥
আম জাম তৰু  কোমল পুত্ৰক,
  আনিয়া একত্ৰ কৰি।
আনো পত্ৰ ফল  আনিয়া সকল,
  পূজিবেক মহাহৰি॥
শুনা সভাসদ  তন্ত্ৰৰ মাহাত্ম্য,
  পৰম গুহ্য সম্প্ৰতি।
যাক শুনি নৰে  সংসাৰ নিস্তাৰে,
  পাৱয় বৈকুণ্ঠ গতি॥
মহেশে আপুনি  কৈলা পাৰ্ব্বতীত,
  পৰম ৰহস্য কথা।
ইহাক শ্ৰৱণে  পাইবাহা মুকুতি,
  নাহি আন অন্যৱথা॥
এতেকে সাদৰি  হেলা পৰিহৰি,
  শুনিয়োক সৰ্ব্বজনে।
মাধৱৰ দুই   অৰুণ চৰণ,
  সুমৰিয়া ৰঙ্গমনে॥
হৰিৰ চৰিত্ৰ   পৰম পৱিত্ৰ,
  কীৰ্ত্তনত দিয়া মন।
কহে ৰামদাসে  বোলা হৰি হৰি,
  নাযাইবা যম-সদন॥