পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/১৭৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৯৪
অসমীয়া সাহিত্যৰ চানেকি।

এহি মতে কতো  বেলি প্ৰেমাকুলে,
  আছি মৌন হুয়া ৰৈলা।
গুৰু ঈশ্বৰক,  হৃদয়ক নিয়া,
  চৰণ চিন্তিবে লৈলা॥
এহি মতে ভক্তি,  ভকতে সহিতি,
  আচৰি আছন্ত ৰঙ্গে।
পাছে বুঢ়া ৰাজা,  সমস্তে সত্ৰকে,
  আদেশ কৰিলা খঙ্গে॥

ছবি।

ৰাজা বোলে মোৰ ৰাজ্যে,  যত মহাজন আছে,
  থাকিব লাগে ইঠাৱত।
কিবা বোধ দিয়া কহি,  দুৰ্জ্জন সকলে মোৰ,
  নষ্ট কৰিলেক ৰাজ্য যত॥
ব্ৰাহ্মণীয়া সকলক,  সদিয়াৰ অৰণ্যত,
  থৈয়ো নিয়া বুলিলে নিশ্চয়।
সত্ৰ মেধি সকলক,  টেকেলা তপাত নিয়া,
  নাহিকয় কিঞ্চিতে সংশয়॥
প্ৰচণ্ড আদেশ শুনি,  সভাৰ যতেক লোক,
  সবাহাৰে মনত অসুখ।
দেখি টেমা বৰুৱাই,  বিমৰিষ কৰি চাই,
  বুলিলা ৰাজাৰ চায় মুখ॥
দেৱতা ঈশ্বৰ তুমি,  আদেশ কৰিয়া আছা,
  সাধুসব খেদাইবাক প্ৰতি।
কিন্তু শঙ্কৰৰ নাতি,  অহঙ্কাৰ শূন্য সাধু,
  কৱামৰা ঠাকুৰ সম্প্ৰতি॥
তান শত্ৰু মিত্ৰ নাই,  যেহেন বালক প্ৰায়,
  শাস্ত্ৰ প্ৰতিপদ্যে সাধুবৰ।
তাঙ্ক যদি অৰণ্যত,  পাতিবেক নিয়া তেবে,
  মৰিবেক ধৰি মহাজ্বৰ॥