পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/১৭৩

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৯৯২
অসমীয়া সাহিত্যৰ চানেকি।

প্ৰভাততে উঠি,  শিঘ্ৰ কৰি সিটো,
  গৈলেক আতাৰ পাশে।
আতা পুৰুষক,  দেখি দণ্ডৱতে,
  পৰিল মহা তৰাসে॥
নজানিয়া বাপ,  আচৰিলোঁ পাপ,
  ক্ষমা কৰা অধমক।
আতা বোলে ৰাজ,—  দূত বাউল যেন,
  ভৈলাহা তুমি কিসক॥
সিতো বোলে প্ৰভু,  আজি ৰাত্ৰি মই,
  দেখিলো আচৰ্য্য আতি।
অদ্ভুত ৰূপক,  ধৰিয়া ঈশ্বৰে,
  মোক যগাইলেক ৰাতি॥
অনেক ভৎৰ্সনা,  কৰিলে গঞ্জনা,
  লাঠিৰ খুন্দা মাৰিল।
সাঞ্চ বান্ধি বান্ধি,  আছয় গালত,
  সমস্তে লোকে দেখিল॥
অনেক কাতৰ,  কৰে পাপীবৰ,
  বোলে নানা তুতি বাক।
দেখিয়া কৃপালু,  মহাপুৰুষৰ,
  নাতি মাতিলন্ত তাক॥
যদি ভকতত,  অপৰাধ হুইছে,
  ক্ষেমিবো তাক নিশ্চয়॥
এহি বুলি তাক,  মধুৰ বচনে,
  অনেক আশ্বাস কৈল।
সেহি দিন ধৰি,  কেচাখোৱা দূত,
  আতিশয় শান্ত ভৈল॥
পাছে আতা প্ৰভু,  ঋণ কৰি আনি,
  কতো চৰহতো মাগি।
চতুৰ্থ হাজাৰ,  ধন গোটাই আনি,
  দিলন্ত ৰাজাক লাগি॥