পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/১৭২

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৯৯১
অনন্ত চৰিত।

সেহি ৰাত্ৰি পাছে,  টেকেলা দুৰ্জ্জনে,
  দেখিলে এক সপোন।
দিব্য পুৰুষেক,  গৌৰ কলেৱৰ,
  সৰ্ব্বাঙ্গে মহা শোভন॥
হাতত সুবৰ্ণ  লাঠিক ধৰিয়া,
  আগে তাৰ স্থিত ভৈলা।
শুনৰে অধম,  পাতকী বৰ্ব্বৰ,
  বুলিয়া মাতিৰে লৈলা॥
মোহোৰ থানত,  আসিয়া পাতকী,
  আচৰিলি দ্ৰোহ বৰ।
মোৰ নিজ দেহ,  বাপুকেসে আবে,
  বুলিলি বাক্য বিস্তৰ॥
এহি মুখে গালি,  পাৰিলি অধম,
  বুলিয়া লাঠিক তুলি।
তাৰ দুই গালে,  বহুতৰ খুঙ্গা,
  মাৰিলন্ত হু বুলি॥
আৰবাৰ যদি,  মোহোৰ থানত,
  কৰস অন্যায় তই।
নিকাৰ মৰণে,  মাৰিবোহো তোক,
  জানিবি তই নিশ্চয়॥
আৰো নানা বাক্য,  বুলিয়া ঈশ্বৰে,
  অন্তৰ্দ্ধান হুয়া গৈল।
কেচাইখোৱা দূতো,  নিদ্ৰাৰ জাগিয়া,
  শয্যাত উঠি বসিল॥
বিপৰীত স্বপ্ন,  দেখিয়া তাহাৰ,
  মনত বৰ অসুখে।
হাত বুলাই চাই,  গোটাগুটি বান্ধি,
  আছয় আপোন মুখে॥

১২৫