পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/১৭১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৯০
অসমীয়া সাহিত্যৰ চানেকি।

চতুস্পাশে নাম গাইবে লৈলা ভক্তগণ।
গুচিলেক শৰীৰ তেখনে বিবৰ্ণ॥
এদিনাতো কৰি আতি ভৈলা জ্যোতিৰ্ম্ময়।
ৰাম বুলি উঠিয়া বসিলা মহাশয়॥
সমস্তে ভকতে পাছে আশ্বাস কৰিলা।
মহাপুৰুষৰ বাক্য সবাতে কহিলা॥
বোলে আতা পুৰুষে শুনিয়ো ভক্তগণ।
নাম গাই তুতি কৰিলাহা যেতিক্ষণ॥
তেতিক্ষণে গুৰুদেৱে বুলিলন্ত মোক।
ভক্তে নেৰে বাপু আবে তুমি থাকিয়োক॥
কতো বৰ্ষ থাকা মোৰ ধৰ্ম্ম প্ৰবৰ্ত্তায়।
তযু সঙ্গে জীৱ কিছু উঠিবে লাগয়॥
এহি বুলি নিজ স্থানে গৈল গুৰুস্বামী।
হৰি হৰি কত অপৰাধ কৈলো আমি॥
এতেকে বোলন্তে লোহো বহে নয়নৰ।
পৰম আনন্দ শুনি ভৈল ভকতৰ॥
গ্ৰামবাসী লোক সব বিস্তৰ আসিল।
শুনি তাসম্বাৰ মনে বিস্ময় মিলিল॥
ইসব প্ৰসঙ্গ আবে এহি মানে ৰৌক।
বোলা ৰাম ৰাম সবে সদগতি হৌক॥

দুলৰি।

শুনা সৰ্ব্বলোক  মহন্তৰ শোক,
  দুখৰ কাহিনি চয়।
কালৰ বেগত,  সন্তৰো বিকাৰ,
  সামান্যৰ কোন হয়॥
জানি সুখ দুখ,  লাভ অলাভক,
  আক সবে পাছ কৰা।
ভক্তক সেবিয়া,  ভক্তক বুজিয়া,
  শ্ৰৱণ কীৰ্ত্তন কৰা॥