পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/১৬৭

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৯৮৬
অসমীয়া সাহিত্যৰ চানেকি।

চৌৰাৰ মধ্যত বৰ গৰাল কৰিলা।
তাতে সবে ভকতক ভৰাই ৰাখিলা॥
পাছে আতা পুৰুষে ধনক গোটাইলেক।
গাই গৰু মহিষ সবাকো বিকিলেক॥
ভকতৰ জল পাত্ৰ যতেক আছিল।
আপোনাৰো ধাতুময় পাত্ৰ সবে দিল॥
আই দুজনাৰো আছে অলঙ্কাৰ যত।
খসায়া আনিয়া তাক দিলন্ত সমস্ত॥
সবে মিলি পঞ্চশত টকামান ভৈল।
টেকেলা সকলে তাক লেখি জুখি লৈল॥
তথাপি নভৈল শান্ত দুৰ্জ্জনৰ চিত্ত।
যেন ভগা খোল পুনু নপাৰি ৰচিত॥
ভকতক মাৰে ক্ৰোধ কৰি অতিশয়।
দশোদিশে পলাইল ভকত হুয়া ভয়॥
প্ৰাণ ৰক্ষা কৰি কতো পুত্ৰ ভাৰ্য্যা লই।
ঘোৰ অৰণ্যত পশি লুকায়া থাকয়॥
আতাৰ তনয় ৰামৰায় আদি কৰি।
দিশাদিশি কৰি সবে গৈলেক অন্তৰি॥
যাঠি জন মান ভক্ত ৰহিল তহিত।
তাকে শাস্তি কৰে দুষ্ট সব নিতে নিত॥
শেষ সময়ত যত দুখ ভক্তে আছে পাই।
কতেক কহিববা আবে সি সব বিলাই॥
এহি মতে দুখ ভুঞ্জি কতো দিন আছে।
ওপৰা টেকেলা এক আসিলেক পাছে॥
মধ্যাহ্ন বেলাত আসি চৌৰাত বহিল।
দেখি সবে ভকতৰ চুৰুতি উৰিল॥
পাঞ্চহাত মান দীৰ্ঘ কৃষ্ণবৰ্ণ কায়।
তাম্ৰবৰ্ণ কেশ আখি দাড়িগোফ নাই॥
কৰ্ণত বেগত মান কেৰু পিন্ধিচয়।
ভেল ভেল কৰি মদ্য মুখত বাসয়॥