পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/১৬৫

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৯৮৪
অসমীয়া সাহিত্যৰ চানেকি।

সেহিমতে দুষ্ট সবে হাসে মাতে চাই।
কিঞ্চিতেকো নুবুজিল সিতে অভিপ্ৰায়॥
পাছে জোন্ত লগাই গোঁসাই গৃহে জুই দিল।
টুপৰ ফালত সিতে অগনি লাগিল॥
আতা সমে ভক্তে চাহি আছে তধা দিয়া।
বোলে সবে সত্ৰ ভস্ম কৈল জুই দিয়া॥
চক্ষুৰ লোতক সমস্তৰে পৰে জৰি।
নুমাইল অগনি জাপি গোট মান পুৰি॥
টেকেলা সকলে পাছে পুনু জোন্ত ধৰি।
গৃহৰ মধ্যত লগাইলেক ক্ৰোধ কৰি।
কিছুমানে চেঞ্চাপোৰা হুয়া নুমাইলেক।
ৰাজদূত সকলেও চাহি আছে তাক॥
পুনু পুনু জোন্ত ধৰি অগনি লগাই।
আছোক লাগিবে জুই জুৰোও নুমাই॥
দেখি দূত সবে ক্ৰোধে বুলিলেক তথা।
ঢেকেৰী ভকত ইটো জানে বহু কথা॥
অগ্নিকো মাৰিলে ধৰে কিবা কৰিচয়।
দেখাহা তাতেসে ইটো ঘৰ নুপুৰই॥
এহিবুলি ক্ৰোধে গালি পাৰিলে বিস্তৰ।
অনাইল হাঙ্কাৰি পাছে লোক বহুতৰ॥
অস্ত্ৰ ধৰাই গৃহখান কাটায়া পেলাইলা।
ঠাই ঠাই কৰি খেৰ কাষ্ঠক দৌলাইলা॥
পৰম সুন্দৰ গৃহ বিমান পৰাই।
দুষ্টসবে কটাই পুৰাই কৰিলেক ছাই॥
তাত পাছে ভকত সবক বন্দী কৈলা।
মহাক্ৰোধ কৰি বাক্য বুলিবাক লৈলা॥
জানা তোৰা সবে ৰাজ আজ্ঞা নমানাহা।
ধন আনিবক কৈলো তাহাকো ননাহা॥
লঘু হেন দেখা আৱে ৰাজাৰ কথাক।
হেন শুনি আউৰ গোটে পাছে বোলে বাক॥