পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/১৫৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৭৫
অশোক চৰিত্ৰ।

গৃহৰ ভিতৰ কৰি  পখালিলা দুয়ো ভৰি,
  ব্ৰাহ্মণক কৰি বহু মান।
সেহি পাদোদক ধূলি  পিতৃক তৰ্পন কৰি,
  শিৰে ধুলি কৰিলে গ্ৰহণ॥
পাদ্য অৰ্ঘ্য আচমণী  মধুপৰ্ক দিয়া আনি,
  বিধিৱতে কৰিলা প্ৰণাম।
ছাৰি সবে আন কাম  তৰি সৰে যত আন,
  নিৰন্তৰে বোলা ৰাম ৰাম॥


ব্ৰাহ্মণে বোলন্ত যে আশোক মহাঋষি।
মৃতকৰ ঘ্ৰাণ পাইলোঁ তোৰ ঘৰে আসি॥
এহি বুলি হৰি পাছে ঢাকন ঠেলিলা।
অন্তৰিল ঢাৰি খান সবাক দেখিলা॥

দেখিয়া তেখনে অন্তৰিল নাৰায়ণ।
কেন মতে পাপীষ্ঠই মোক যাচা অন্ন॥
কিবা তোৰ ভাৰ্য্যা পুত্ৰ ঘৰে যাই মৰি।
কিমতে ভোজন কৰো গদধন কৰি॥

জানিলোঁ সাক্ষাতে তই চণ্ডাল সমান।
প্ৰাণ যদি যাই তেৱে নুভুঞ্জিবো অন্ন॥
শৱ দৰশনে কৰিবাক লাগে স্নান।
তাক থৈয়া কেন মতে কৰাহা ভোজন॥

এহি বুলি তেখনে উঠিলা নাৰায়ণ।
দেখিয়া অশোক ঋষি ধৰিলা চৰণ॥
অশোক বদতি গুৰু শুনিয়োঁ বচন।
আপুনি জানাহা তুমি শাস্ত্ৰ যে পুৰাণ॥

কৈত ধনজন পুত্ৰ আৰ পৰিবাৰ।
অসাৰ সংসাৰ সবে কিছো নহে সাৰ॥
কৈত পাইবোঁ ভাৰ্য্যা পুত্ৰ কৈত পাইবোঁ ঘৰ।
কোনেবা কাহাক দেখা কৰে উপকাৰ॥

১২৩