পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/১৫৫

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


কামদেৱ বিপ্ৰ।

অশোক চৰিত্ৰ।

ব্ৰাহ্মণৰ বেশ ধৰি  প্ৰভু দেৱ শ্ৰীহৰি,
  অশোকৰ গৃহে চলি গৈলা।
ঘৰত আছয় কোন  পৰদেশী ব্ৰাহ্মণ,
  ক্ষুধায়ে মোহোৰ প্ৰাণ গৈলা॥
পেটে অম্নে ছিঙ্গি যাই  তিনি দিন অন্ন নাই,
  ভাৰ্য্যা পুত্ৰ নাহিকে আমাৰ।
গাৱত নাহিকে কানি  মই বৰ অপৰাণি,
  বৃদ্ধকালে ভৈলোঁ দেশান্তৰ॥
তুমি বৈষ্ণৱাকৃতি  যুৰিলন্ত চতুৰ্ভিতি,
  মোক আজি কৰাহা ভোজন।
নাহি মোৰ বাপ ভাই  মাগি ফুৰো সৰ্ব্বদাই,
  লঘনতে ছাৰে মোৰ প্ৰাণ॥
শুনিয়া অশোক ঋষি  গাৱ চালি তেতিক্ষণে,
  ব্ৰাহ্মণক পাইলা দৰিশন।
আসিয়োক গুৰু বাপ  খণ্ডোক সকল পাপ,
  তুষ্ট হোক মোৰ পিতৃগণ॥
মোৰ পুৰুষৰ ভাগ্য  তোমাক পাইলোঁহোঁ লাগ,
  ব্ৰাহ্মণক কৰাইবোঁ ভোজন।
তুমি হেন ব্ৰাক্ষণক  নতু দেখোঁ চিৰকালে,
  সাক্ষাততে যেন নাৰায়ণ॥