পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/১৫৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৭৩
লক্ষীপতি চৰিত্ৰ।

যদি বোলা যাবে সুখ পালৰ ওপৰে।
তাকো আনি প্ৰভু ময় দিবোহোঁ সত্বৰে॥
যদি বোলা ঘোৰাৰ উপৰে যাব মই।
লগতে আছয় মোৰ দিবো এহি হয়॥
যদি বলা উঠি ময় যাবো গজ পৃষ্ঠে।
তাকো আনি প্ৰভু মই দিবো নিষ্ঠে নিষ্ঠে॥
ইচ্ছা কৰি আছোঁ ধূলা লবো চৰণৰ।
যেনে তেনে নিবোঁ মণিকূটৰ উপৰ॥
অনন্তৰে ভট্টদেৱে বুলিলন্ত বাণী।
পাৰিবাহা লক্ষ্মীপতি মই আছোঁ জানি॥
আপুনি লক্ষ্মীৰ পতি হৈলা অৱতাৰ।
হস্তী ঘোৰা দিবা কোন অসাধ্য তোমাৰ॥
এক ৰূপে জগন্নাথ নৰ ৰূপ ধৰি।
গোপাল সখিৰ গৃহে আছা অৱতৰি॥
নুহিকে মনুষ্য তুমি জানিছোঁ নিশ্চয়।
লোকে নাজানিয়া বোলে গোপাল তনয়॥
মণিকূট উপৰে বান্ধিলা নাটঘৰ।
কোন জনে হেন কৰ্ম্ম সাধে মাধৱৰ॥
যাতো তুমি সাক্ষাতে আপুনি লক্ষ্মীপতি।
সিকাৰণে মাধৱৰ সাধিলাহা প্ৰীতি॥
তোমাৰ বচনে মই যাইবো নিশ্চয়।
নৌকাত পৰিয়া যাবো একো নলাগয়॥
তুমি আগ হোৱা বাপু ময় যাবো পাছে।
তোমাৰ সি ঠাইত বহু কৰ্ম্ম কাৰ্য্য আছে॥
শুনি লক্ষ্মীপতি কৰিলন্ত নমস্কাৰ।
ঘোৰাত উঠিয়া আসিলন্ত পুনৰ্ব্বাৰ॥