পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/১৫০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৬৯
লক্ষীপতি চৰিত্ৰ

মুখ্য মুখ্য শিষ্যক বুলিলা বাপু বাণী।
আমাৰ খৰচ দ্ৰব্য তোৰো দিবা আনি॥
চাউল চিৰা দুগ্ধ গুৱা পাণ আদি কল।
কৰ্ম্মৰ সময়ে দ্ৰব্য আনিবা সকল॥
তাসম্বাক আদেশ কৰিয়া এহি মত।
অনেক ভকত বাপু লৈলন্ত লগত॥
বস্ত্ৰ চিনি ঘৃত লোণ আনিবাক মনে।
গুৱাহাটী নগৰক গৈলা তাৱক্ষণে॥
আসিলন্ত লক্ষ্মীপতি আনন্দিত কৰি।
কবিৰত্ন বৰুৱাই নিলন্ত সাদৰি॥
কৃষ্ণ আসিবাৰ যেন পাণ্ডবে শুনিলা।
সেহিমতে কবিৰত্নে আগবাঢ়ি নিলা॥
চৰণত পৰি কৰিলন্ত তুতি নতি।
বৰুৱাৰ ভক্তিত তুষ্ট ভৈল লক্ষ্মিপতি॥
ধীৰে ধীৰে কবিৰত্নে বুলিলা বচন।
কি কাৰ্য্যে ই ঠাইক কৰিয়াছা আগমন॥
লক্ষ্মীপতি বোলন্ত আজ্ঞায়ে মাধৱৰ।
মণিকূট উপৰত বান্ধিলো নাটঘৰ॥
সেহি ঘৰ প্ৰতিষ্ঠিবে লাগয় সম্প্ৰতি।
যথা ব্ৰত কথা কহিলন্ত লক্ষ্মীপতি॥
বাপুৰ বচন শুনি অমৃতৰ লয়।
আছোক বৰুৱা মেৰু জনেও টলয়॥
কথা শুনি কবিৰত্নে বুলিলেক মাতি।
গোপালৰ পুত্ৰ ধন্য ধন্য লক্ষীপতি॥
জগন্নাথ অংশ তুমি ব্যক্ত পৃথিবীত।
তোমাৰ বচনে মোৰ দ্ৰবিলেক চিত্ত॥
তুমি সম প্ৰাণী নতে পাওঁ এক ঠাই।
মোক বশ্য কৰিলাহা তোমাৰ কৃপাই॥
তুমি ঈশ্বৰৰ অংশ জানিলে নিশ্চয়।
এহি বুলি আনি দিলা দিব্য এক হয়॥