পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/১৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৩৪
অসমীয়া সাহিত্যৰ চানেকি।

এতেকে কৰিলো আক পৰম সাদৰে
পুস্তক সমাপ্ত কাল বুজিবাৰ তৰে॥
মোৰ যত বঢ়া টুটা দোষক নধৰি।
কহয় শ্ৰীৰামচন্দ্ৰে বোলা হৰি হৰি॥

হয়গ্ৰীব মাধৱ।

ঘোষা॥

গোৱিন্দ মাধৱ গৰুড় কেতু।
কেশৱ অচ্যুত হৰি॥

পদ॥

মহেশে বোলন্ত  শুনিয়ো পাৰ্ব্বতি,
  তুমি মোৰ প্ৰিয় অতি।
মাধৱক পাই  যিসব সাধনে,
  তোমাত কহোঁ সম্প্ৰতি॥
শ্ৰীফল, খাজুৰি,  আৰু হৰিতকী,
  নাৰিকেল বেল আম।
ডিম্বৰু, কেশৰু,  কণ্টক, পিয়াল,
  পদ্মবীজ তাল জাম॥
ইক্ষুদি, বদবী,  ডাড়িম্ব, আমৰা,
  পিতশালা আদি যত।
নানাবিধ ফল,  একত্ৰ কৰিয়া,
  সমৰ্পিব মাধৱত॥
মূলা সৰষপ,  ত্ৰিবিধ মৰিচা,
  পালঙ্গ আদি শাকক।
পৰম যতনে,  ৰন্ধন কৰিয়া,
  নিবেদিবা মাধৱক॥
সোম ধান্যবৰ,  শালি ৰক্তশালি
  ৰাজধান্য, যৱধান।
তিল, মাস, শুদ্ধ,  কলা, বৰকলা,
  কচুক আদি প্ৰধান॥