পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/১৪২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৬১
দাতাকৰ্ণ

আৰো নানা তুতি নতি কৰি দুই জন।
ব্ৰাহ্মণৰ চৰণত পশিলা শৰণ॥
কৰ্ণৰ ভকতি দেখি প্ৰভু জনাৰ্দ্দন।
নিজ মূৰ্ত্তি আপুনি ধৰিলা তেতিক্ষণ॥
শঙ্খ চক্ৰ গদা পদ্ম চতুৰ্ভুজ ধাৰী।
পৰিধান পীত বস্ত্ৰ মুকুন্দ মুৰাৰি॥
দেখিয়া প্ৰভুৰ মূৰ্ত্তি পৰি পদ তলে।
বাহু পচাৰিয়া কৃষ্ণ কৰিলন্ত কোলে॥
মুখে গদ গদ বাণী ধূলাই লোটাই।
আনন্দতে দুয়ো জনে নেত্ৰে নীৰ বই॥
ব্ৰহ্মা আদি দেৱগণে নপান্ত ধিয়ানে।
হেন কৃষ্ণচন্দ্ৰ আইলা আমাৰ ভবনে॥
কৰ্ণক অশ্বাস কৰি দৈৱকী নন্দন।
বৈকুণ্ঠ নিবাসে হৰি কৰিলা গমন॥
এহি কথা যেই জনে কৰয় শ্ৰৱণ।
ৰোগ শোক দূৰ যাই বিপদ খণ্ডন॥
নমো নমো ভকত বৎসল দেৱহৰি।
অগতিৰ গতি প্ৰভু মুকুন্দ মুৰাৰি॥
পতিতক কৃপা প্ৰভু কৰা দামোদৰ।
তযু চৰণত মোৰ কোটি নমস্কাৰ॥
মই অধমৰ অক্ষৰত শুদ্ধ নাই।
হেন জানি জ্ঞানৱন্তে ক্ষেমিতে যুৱাই॥
কহে দ্বিজ বিষ্ণু ৰামে এৰি আন কাম।
পলাউক পাতক ডাকি বোলা ৰাম ৰাম॥