পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/১৪১

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৯৬০
অসমীয়া সাহিত্যৰ চানেকি।

কৰ্ণে মুণ্ড লইয়া হাতে  অম্বল ৰান্ধিলা তাতে
  দ্বিজ বিষ্ণু ৰামে এহি গায়।
দাতাকৰ্ণ উপাখ্যান  যিবা শুনে একমন
  ধন পুত্ৰ স্বৰ্গপুৰি পাই॥
নমো নমো নাৰয়ণ  কৰা মোক পৰিত্ৰাণ
  মহা ঘোৰ পাপ সাগৰত।
সমস্ত সমাজে ঢাকি  ৰাম ৰাম বোলা ডাকি
  তেবে তৰা যম যাতনাত॥

অন্ন ব্যঞ্জন ৰান্ধি কৰ্ণে যোৰহাতে কয়।
ৰান্ধিলো অম্বল তুমি আইস মহাশয়॥
ব্ৰাহ্মণ বোলয় তুমি শুনা মহাশয়।
অন্ন ব্যঞ্জন তুমি কৰা চাৰি ঠাই॥
তুমি আমি পদ্মাৱতী শিশু একজন।
একেলগে চাৰিজনে কৰিবো ভোজন॥
আৰু এক কথা কহো কৰ্ণ পাতি শুনা।
নগৰৰ হন্তে এক শিশু মাতি আনা॥
ব্ৰাহ্মণৰ বচনক নকৰিলে হেলা।
নগৰৰ হন্তে ৰাজা গমন কৰিলা॥
পুত্ৰ শোকে মহাৰাজা চাৰিদিশে চাই।
হেনকালে বৃষকেতু দেখিলন্ত যাই॥
হৰষিত হৈয়া ৰাজা পুত্ৰ লৈলা কোলে।
লক্ষ লক্ষ চুম্ব খাই বদন কমলে॥
পুত্ৰক কৰিয়া কোলে পুলকিত কায়।
লোটাই পৰিল গৈয়া ব্ৰাহ্মণৰ পায়॥
কৰ্ণ পদ্মাৱতী দুয়ো যোৰহাতে কয়।
অপৰাধ ক্ষমা কৰা দিয়ো পৰিচয়॥
যদি প্ৰভো পৰিচয় নেদাহা আপুনি।
গলে চুৰি দিয়া প্ৰভু মৰিবো এখুনি॥