পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/১৪০

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৯৫৯
দাতাকৰ্ণ।

অম্বল ৰান্ধিয়া দেহ কৰ্ণ মহাশয়।
ভোজন আমাৰ তেবে বৰ সুখ হয়॥
ৰাজা বোলে কিবা দিয়া ৰান্ধিবো অম্বল।
একখানি মাংস নাই ৰান্ধিছি সকল॥
গোবিন্দ বোলয় কৰ্ণ কহি তব কাষে।
পদ্মাৱতী পুত্ৰ মুণ্ড লুকাই ৰাখি আছে॥
সেই মুণ্ড দিয়া তুমি ৰান্ধিয়ো অম্বল।
বিবৰণ ৰাজা তোত কহিলো সকল॥
দ্বিজ বিষ্ণু ৰামে কহে ব্যাসৰ আদেশে।
কৰ্ণে কৃপা কৈল প্ৰভু ব্ৰাহ্মণৰ বেশে॥
মহাভাৰতৰ পদ পৰলোক ধাম।
পলাউক পাহক ডাকি বোলা ৰাম ৰাম॥

চবি।

ৰাজা বোলে ওহে ৰাণী  শুনাহ আমাৰ বাণী
  ক্ৰন্দন কৰাহা কি লাগিয়া।
আমাৰ বচন লোৱা  পুত্ৰ মুণ্ড আনি দিয়া
  অম্বল ৰান্ধিবো সেহি দিয়া॥
ৰাণী বোলে শুনা ৰাই  হৃদি মোৰ বিদাৰয়
  কৈক গৈলা প্ৰাণ বৃষকেতু।
দশ মাস দশ দিন  উদৰত দিলো ঠাই
  যতনা নিকাৰ তান হেতু॥
বসন ভূষণ হাড়  কৰ্ণত কুণ্ডল আৰ
  গলে শোভে সুবৰ্ণৰ মালা।
কটিত কিঙ্কিনি সাজে  চৰণে নূপুৰ বাজে
  কৰে শোভে স্বৰ্ণময় বালা॥
ৰাজা বোলে ৰাণী শুন  পুত্ৰ মুণ্ড শীঘ্ৰে আন
  অম্বল ৰান্ধিবো শীঘ্ৰ কৰি।
পুত্ৰ মুণ্ড হাতে ধৰি  কান্দে পদ্মাৱতী নাৰী
  লহ বুলি দিলন্ত সুন্দৰী॥

১২১