পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/১৩৯

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৯৫৮
অসমীয়া সাহিত্যৰ চানেকি।

গলায় তুলসি মালা পৰিল কৌতুকে।
ৰাধা কৃষ্ণ দুটি নাম লেখি একে একে॥
পিতা মাতা চৰণত প্ৰণাম কৰিলা।
ব্ৰাহ্মণৰ পদধূলি সৰ্বাঙ্গে মাখিলা॥
পূৰ্ব্ব মুখে বসিয়া ভাবে নাৰায়ণ।
কৰত ধৰিয়া দুয়ো দণ্ডায় তেখন॥
গোবিন্দ বোলয় দুয়ো কাতৰ নহৈবা।
হাসিয়া কৰত ধৰি পুত্ৰক কাটিবা॥
ৰাজা বোলে শুনা দ্বিজ নিবেদি বচন।
হাসিয়া কাটিবো পুত্ৰ দেখা বিদ্যমান॥
হাসিয়া কৰত দুয়ো হাতে তুলি লৈলা।
ধন্য ধন্য বুলি কৃষ্ণে হাসিতে লাগিলা॥
কৰত বৈসাই তেবে পুত্ৰৰ মাথাই।
আনন্দে বসিয়া শিশু কৃষ্ণ গুণ গাই॥
কাটিয়া পুত্ৰৰ মুণ্ড পেলাই ভূমিতলে।
কাটা মুণ্ড ভূমি পৰি কৃষ্ণ কৃষ্ণ বোলে॥
ভূমিত পৰিয়া তবে বৃষকেতুৰ মাথা।
উচ্চৈশ্বৰে ডাকি বোলে কৃষ্ণ ৰৈল কোথা॥
কৰ্ণ বোলে ধন্য ধন্য আমাৰ নন্দন।
তব হন্তে ৰক্ষা পাইলো অভাগিৰ প্ৰাণ॥
কাটিয়া পুত্ৰৰ মাংস ৰন্ধন কৰিলা।
পদ্মাৱতী পুত্ৰ মুণ্ড লুকাই ৰাখিলা॥
পদ্মাৱতী বোলে দ্বিজ ঘৰে চলি যাইবো।
বাচাৰ মুণ্ডক লই বিনাই কন্দিবো॥
অন্তৰে জানিলা তেবে ভকত বৎসল।
এই মুণ্ডে পুনৰ্ব্বাৰ ৰান্ধাবো অম্বল॥
অন্ন ব্যেঞ্জন ৰান্ধি কৰ্ণে যোৰহাতে কয়।
ভোজন কৰিতে শীঘ্ৰে আইস মহাশয়॥
শুন ওহে কৰ্ণ তুমি বোলয় শ্ৰীহৰি।
অম্বল নহৈলে অন্ন খাইতে নপাৰি॥