পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/১৩৩

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


বিষ্ণু ৰাম দ্বিজ।

দাতাকৰ্ণ।

শ্ৰীকৃষ্ণায় নমোনমঃ।

পদ।

জয় জয় ভগৱন্ত প্ৰভু দেৱ হৰি।
ভকতৰ ভয়হাৰী অনন্ত মুৰাৰি॥
যাহাৰ কৃপাত হোৱে মনোৰথ সিদ্ধি।
প্ৰণামোহো নাৰায়ণ ভকতৰ নিধি॥
ভাৰতৰ পদ কিছু প্ৰচাৰিবে চাওঁ।
যদু তুয়া পাৱে কিছু অনুগ্ৰহ পাওঁ॥
ৰাজা বোলে শুনিয়োক মুনিৰ নন্দন।
কহিয়োক কৃষ্ণ কথা কৰিবো শ্ৰৱণ॥
মুনি বোলে এক কথা শুনাহ ৰাজন।
যেই ৰূপে লীলা কৰে ব্ৰজেৰ নন্দন॥
এক দিন মন কৈল প্ৰভু গদাধৰ।
কৰ্ণ কেন দাতা মই বুজিবো তাহাৰ॥
এহি বুলি মনে মনে ভাবি নাৰায়ণ।
মায়া কৰি হৈল প্ৰভু বৃদ্ধ যে ব্ৰাহ্মণ॥
আতি বৃদ্ধ ৰূপ হৈল দুই চক্ষু অন্ধ।
কৰ্ণৰ নিকটে প্ৰভু চলিলা গোবিন্দ॥
চলিতে শকতি নাই কাম্পে থৰথৰি।
কৰ্ণৰ দুৱাৰে যাই প্ৰবেশিলা হৰি॥
দ্বাৰীক ডাকিয়া বোলে প্ৰভু গদাধৰ।
ৰাজাত জনাও গৈয়া বচন আমাৰ॥
মোৰ সমাচাৰ যাই কহিয়ো সত্বৰ।
ৰাজাক আশীষ কৰি যাও আমি ঘৰ॥