এতেক বচন বুলি যক্ষেৰ কুমাৰী।
তেখনে পলাইল সবে ছাৰি ঘৰ বাৰি॥
পাচে যুবৰাজে বাজ হুয়া তাৰ হন্তে।
আৰবাৰ গমন কৰিলা বন পন্থে॥
দশদিন অনাহাৰে পেটে নাহি ভাত।
বড় দুখে বসিলন্ত গাছৰ গোৰত॥
আচম্বিতে এক বৃদ্ধ আইল বিদ্যমান।
গৌৰাঙ্গ বৰণ ঢৌত বস্ত্ৰ পৰিধান॥
এক থাল ভাত আনি দিল তাৰ আগে।
পুনৰপি অন্তৰ্দ্ধান ভৈল মহাভাগে॥
তাক দেখি কুমৰে চিন্তয় মনে মন।
নজানি বুঢ়ায়ে অন্ন দিলা কি কাৰণ॥
যিহোক সিহোক আগে কৰিবো আহাৰ।
প্ৰাণ সঙ্কলয় কৰি কিসৰ বিচাৰ॥
এহি বুলি যুবৰাজে ভোজন কৰিলা।
আঠগুণ তেজ ষোল গুণ তেজ ভৈলা॥
পাচে তাৰ মনত হেনয় উপজিল।
যত দুখ কষ্ট মানে সবে পাসৰিল॥
যদি একগুটি ঘোৰা ইঠাইত মিলয়।
তাতে চৰি যাইবে মই পাৰে নিসংশই॥
এমত চিন্তিল যদি ৰাজাৰ কুমাৰ।
ঘোটক দেখিল যে পাখৰ সোণাৰ॥
চল বল কৰে ঘোৰা থিৰ নোহে কাই।
তাতে চৰি যাইতে মই পাৰো নিসংসই॥
পৰম হৰিষে তাত চৰিলা কুমৰ।
চলিলন্ত ৰঙ্গে যেন বিদ্যুত সঞ্চাৰ॥
হাতে ধনুবাণ খড়গখান তীক্ষ্ণতৰ।
যাই অতিৰথী যেন কৰিতে সমৰ॥
অনন্তৰে পাইলন্ত বিচিত্ৰ এক থান।
মহা জ্যোতিৰ্ম্ময় ইন্দ্ৰ নগৰৰ ঠান॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/১২৭
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৪৬
অসমীয়া সাহিত্যৰ চানেকি।