পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/১২৬

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৯৪৫
মৃগাৱতী চৰিত্ৰ।

মনুষ্য বিষম জাতি জানে নানা সন্ধি।
মহা পৰিজাদিৰে কৰি আছে বন্দী॥
হেন বোলাবুলি কৰিলেক দুই জন।
শুনিয়া কুমৰে পাচে গুণে মনে মন॥
আজু ৰাক্ষসীৰ হাত কিমতে এৰাও।
একে প্ৰভু কৃষ্ণ বিনে আনক নাপাও॥
মাধৱ গোবিন্দ হৰি কৰিয়ো ৰক্ষণ।
এক মনে হৃদয়ত চিন্তে ঘনে ঘন॥
অনন্তৰে নিশাচৰী বোলে বায়েকত।
মাংস খাইতে ইচ্ছা মোৰ মিলিল মনত॥
একগুটি ছাগল অনিয়া দিবা মোক।
শোভাৰ ঘৰক লাগি ঝাণ্টে চলিয়োক॥
ভগিনীৰ শুনি তাই কৰুণা বচন।
শোভাৰ মন্দিৰে লাগি গৈলা তেতিক্ষণ॥
দেখে সিতো পৰি আছে অচেতন হৈয়া।
চক্ষু দুই ফুটিল ৰুধিৰে লিপ্ত কায়া॥
পাচে তাই বোলে দদা কি ভৈল তোমাৰ।
কোনে আসি কৰিলেক হেন অপকাৰ॥
শোভা বোলে শুনা আই তোমাত বিনাও।
কোথাৰ পুৰুষ নজানোহো নাওঁ গাওঁ॥
আসি নিশা কালে মোৰ নিদ্ৰাত বিন্ধিল।
ধৰিতে নপাইলো সিতো লৱৰ মাৰিল॥
কোথাইক চলিলো মই নজানিলো তাক।
আচোক মোৰ কথা চাইবি আপুনাক॥
শোভাৰ মুখত শুনি হেনয় বচন।
শীঘ্ৰ বেগে নিজ ঘৰে কৰিলা গমন॥
অৰে ভন্যগণ বৰ মিলিল অপাই।
এহি বুলি সবে কথা কহিলা বুজাই॥
ইতো থানে মনুষ্যৰ ভৈলেক জঞ্জাল।
থাকিবাক লাগি মই নাদেখোহো ভাল॥