পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/১২৪

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৯৪৩
মৃগাৱতী চৰিত্ৰ।

তেখনে ছাগল মাজে সুকাই ৰহিলা।
বিপৰীত ৰাৱ কাঢ়ি ৰাক্ষস উঠিলা॥
দুই হাত মেলিয়া দ্বাৰত ৰহিলন্ত।
বিক্ৰম কৰিতে সিতো চক্ষু নেদেখন্ত॥
আছিল যতেক খাচী কুন্দুৰাৰ মাজ।
একে একে ঘাৰে ধৰি নিকলিলা বাজ॥
এক ছাগলেৰ চৰ্ম্ম বান্ধিয়া পিঠিত।
ছাগলেৰ সঙ্গে বাজ ভৈলা আচম্বিত॥
খাচী বুলি ৰাক্ষসে ধৰিলা কুমৰক।
হাত মুচৰিয়া বীৰে ভৈল বাহিৰক॥
তেতিক্ষণে শীঘ্ৰ বেগে লৱৰেক নিলা।
ক্ৰোধে নিশাচৰে পাচে পাচে খেদি দিলা॥
লুকা দিয়া কুমৰ ৰহিলা এক ভিতে।
সৰ্ব্বস্থানে ৰাক্ষসে লাগিল বিচাৰিতে॥
চক্ষু নেদেখয় সিতো সেপিয়াৱে হাত।
খুজি লুৰি কুমৰক নপাইলন্ত তাত॥
পাচে বিষে কোপে সিতে বসিলা সে ঠাই।
হেন দেখি কুমৰেও বসিয়া সেঠাই॥
যতেক মনুষ্য আছে ঘৰৰ ভিতৰে।
বন্দী হুয়া আছা সবে নিহল পাৱৰে॥
সবাকে কৰিলা মুক্ত ৰাজাৰ সন্তান।
আশিৰ্ব্বাদ কৰি গৈলা যাৰ যিবা থান॥
খনিক কুমৰে এথা কৰিয়া বিশ্ৰাম।
পুনৰপি লৰিলন্ত নগৰ ৰোকাম॥
ঘোৰ নিশাকাল মহা অৰণ্য গহন।
সিংহ ব্যাঘ্ৰ সৰ্প তাত বৰাহ মেঠন॥
তাতো ভয় ছাৰিয়া একলে যান্ত চলি।
খনো জল খনো থল পায়ে মহাবলী॥
খনো বৰ উচৃতক উঠে অন্ধকাৰে।
তাত বসি কতোহো জিৰান্ত অনাহাৰে॥

১১৯