পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/১২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৯৪২
অসমীয়া সাহিত্যৰ চানেকি।

হাজাৰে হাজাৰে আসি তাহাতে আছয়।
কাকো কেৱে নেদেখই দেখি তমোময়॥
পাছে ৰবি অস্ত গৈল ৰজনী মিলিলা।
খায়া দায়া নিশাচৰ নিদ্ৰাত পৰিলা॥
হুদুৰাৰ দ্বাৰে সিতো ঘুমটি গৈলন্ত।
একজন মনুষ্যত আতো মিলিলন্ত॥
বাহিৰৰ পৰা সিতো লগাইলেক মাত।
শুনা হেৰ কুমৰ যে কহয়ো তোমাত॥
শোভা নামে এহি দেৱ জানে নানা সন্ধি।
কেন মতে আৰ হাতে ভৈলি তই বন্দী॥
মায়া কৰি আমাকো বান্ধিলে এহি ঠাই।
একোমতে আৰ হাতে এৰণ নযাই॥
হেন শুনি যুবৰাজে বুলিলা বচন।
ৰাক্ষসৰ মায়া বাপ বুজিবো কমন॥
আছে পূৰ্ব্ব কৰ্ম্ম মোৰ বিধিৰ ঘটন।
আবে কেন মতে বাপ গুচিবে বন্ধন॥
সেহি উপদেশ দিয়া কৰা উপকাৰ।
বাপৰ মাৱৰ পূণ্য বাঢ়োক তোমাৰ॥
পাছে সিতো বোলে শুনা ৰাজাৰ নন্দন।
আমাৰ নাহিকে বল ইহাক মাৰণ॥
অৰে ভাই উপদেশ শুনহ আমাৰ।
যেবে নিদ্ৰা গৈল যে ৰাক্ষস দুৰাচাৰ॥
সিচিকা তপত কৰি চক্ষুক বিন্ধিবা।
তেতিক্ষণে দ্বাৰ মেলি বাহিৰ যে হৈবা॥
নোহে যদি ঔষধক খুৱায়ে তোমাক।
তেবে তই নপাৰিবি কহিকো যাইবাক॥
পাচে যুবৰাজে শলা তপ্ত কৰি লৈলা।
লাসে লাসে ৰাক্ষসৰ ওচৰ চাপিলা॥
পৰি আছে নিশাচৰ নিদ্ৰা অচেতনে।
থিৰ কৰি দুয়ো চক্ষু বিন্ধিলা তেখনে॥