পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/১২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অসমীয়া সাহিত্যৰ চানেকি।

ৰামচন্দ্ৰ বড়পাত্ৰ গোহাঞি।

১৬০৮ শঁক।

আত্ম পৰিচয়।

কেন্দুগুৰি নামে গ্ৰাম।
শস্যে, মৎস্যে অনুপাম।
বহে নদী অবিশ্ৰাম।
দিলীহ যাহাৰ নাম॥
তাৰ তীৰে কৰি ঘৰ।
আছিলন্ত পাত্ৰবৰ॥
যুদ্ধত যাহাৰ মন।
অৰিকুল বিমৰ্দ্দন॥
বহু সংগ্ৰামত জয়।
অদ্যাপি যশস্যা কয়॥
কৰতোৱা নদী কাষে।
অদ্যাপি পুখুৰী আছে॥
যাক ব্ৰহ্ম পুত্ৰবৰ।
দিলা কৰি দয়াতৰ॥
তীৰ্থ ৰাজ মহামানী।
নাগ ফণা দিলা আনি॥

১০৫