পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/১১৯

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৯৩৮
অসমীয়া সাহিত্যৰ চানেকি।

উপদেশ দিয়া  দিয়োক পঠায়া,
  পুনু চৰণত ধৰো।
মনৰ বাঞ্ছন  কৰিয়ো পূৰণ,
  আশা সমুদ্ৰত তৰো॥
কুমৰৰ হেন  কাৰুণ্য বচন,
  শুনি বৃদ্ধ মনজিতে।
আলচি মনত  বুলিলা হেনয়,
  আবে শান্ত হোৱে চিত॥
ভাল মতে তুমি  সাজিয়ো মোদক,
  পিঠা পৰমান ভাত।
দধি দুগ্ধ মধু  চিনি চিৰা আখৈ,
  অমদ্যক অসংখ্যাত॥
বিশ্বাসে তাহাত  মিশল কৰিয়া,
  নানান ভাঙ্গ ধুতুৰ।
মহোৎসব কৰি  সবাকে খুৱাইবা,
  কৰিয়া উদৰ পূৰ॥
তাহাকে ভুঞ্জিয়া  সকলে লোকৰ,
  হত হৈব শ্ৰুতি জ্ঞান।
সেহি বেলা তুমি  নৌকাত চড়িয়া,
  কৰিবা ৰঙ্গে পয়ান॥
হেন শুনি বীৰ  সাধুৰ্ব্বাদ কৰি,
  কৰিলা হেন যতন।
উদৰ ভৰিয়া  সমস্তে লোকক,
  কৰাইলা তথা ভোজন॥
তাক খাৱা সবে  অচেতনে পৰি,
  থাকিলা ঘুমটি যাই।
মনজিত সদা—  গৰক সন্তোষি,
  কুমাৰে পাচে তথাই॥